Social Welfare Department, Assam has released an important notification on 13.08.2021 regarding Women’s Technical and Establishment Training Center at Beltola, Guwahati Six Month Training Program
The Advertisement says :-
“ইয়াৰ দ্বাৰা অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ জৰিয়তে বেলতলা, মহিলাৰ কাৰিকৰী ও সংস্থাপনমূলক | প্রশিক্ষণ কেন্দ্ৰৰ ৬২তম (62nd Batch) চামৰ ছমহীয়া প্ৰশিক্ষণৰ বাবে বিজ্ঞাপন নং ভি.টি.আৰ.চি. (জি) ৪৩/৮৮/১২৬৩, তাৰিখ 22/02/20২১ ইং মর্মে অসমৰ সাধাৰণ মহিলা প্ৰাৰ্থীৰ পৰা (আর্থিকভাৱে পিছপৰা) আবেদন বিচাৰি যোৱা 25.03.2০২১ ইং তাৰিখৰ ভিতৰত আবেদন কৰাৰ অস্তিম দিন ধার্য কৰা হৈছিল যদিও বৰ্তমানৰ কভিড পৰিস্থিতিৰ বাবে সাক্ষাতকাৰৰ দিন সলনি কৰিব লগা হ’ল। সেই মর্মে | অহা ৩১.০৮.২০২১ ইং তাৰিখ আবেদনৰ শেষ তাৰিখ হিচাপে ধাৰ্য কৰি পুনৰ আবেদন বিচৰা হৈছে। আবেদনকাৰীয়ে অসম ৰাজপত্ৰৰ ৯ম অনুচ্ছেদত প্রকাশিত প্ৰ-পত্ৰত আবেদন কৰিব লাগিব। আবেদন পত্ৰৰ লগত শিক্ষাগত অৰ্হতাৰ প্ৰমাণ-পত্ৰ, বছৰেকীয়া আয়ৰ প্ৰমাণ-পত্ৰ আৰু লগতে পাচপোর্ট আকাৰৰ একপি ফটো গাঁঠি দিব লাগিব। প্রকাশ থাকে যে যিসকল প্রার্থীয়ে বিজ্ঞাপন নং ভি.টি.আৰ.চি.(জি) ৪৩/৮৮/১২৬৩, তাৰিখ 22.02.2021 ইং মর্মে আবেদন কৰিছিল সেইসকল প্ৰাৰ্থীয়ে পুনৰ আবেদন কৰাৰ প্ৰয়োজন নাই। তলত উল্লেখ কৰা শাখাসমূহত (Trades) প্রশিক্ষণ দিয়া হ’ব।
(১) কম্পিউটাৰ (Computer)
(২) কটা আৰু চিলাই (Cutting & Tailoring)
(৩) গোঠা আৰু ফুলতোলা (Knitting & embroidery)
(৪) বোৱা-কটা (Weaving)
শিক্ষাগত অর্হতা ঃ কম্পিউটাৰ শাখাৰ বাবে প্রার্থী প্রৱেশিকা পৰীক্ষাত উত্তীর্ণ নাইবা সমপৰ্যায়ৰ হ’ব লাগিব। কটা আৰু চিলাই, গোঁঠা আৰু ফুলতোলা আৰু বোৱা কটা শাখাৰ বাবে প্রার্থী কমেও উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৮ম মান শ্রেণী উত্তীৰ্ণ হোৱা হ’ব লাগিব। আবেদনকাৰীৰ বয়স ০১.০২.২০২১ ইংত ১৮ বছৰৰ পৰা ৩৮ বছৰৰ ভিতৰত হ’ব লাগিব। প্রশিক্ষণৰ বাবে নির্বাচিত হোৱা প্ৰাৰ্থীক মাহেকত ১৫০ (একশ পঞ্চাশ) টকাকৈ জলপানি দিয়া হ’ব। আবেদনকাৰীয়ে যিকোনো এটা শাখাতহে আবেদন কৰিব পাৰিব। প্রশিক্ষণ সমাপ্তিৰ পিছত স্ব-নিযুক্তিৰ বাবে বিভাগীয় আত্মসংস্থাপনমূলক সাহাৰ্য আগবঢ়োৱা হ’ব। কোনো প্রশিক্ষার্থীয়ে প্রশিক্ষণ সম্পূর্ণ নকৰিলে জলপানি, প্রমাণ-পত্ৰ আৰু অনুদান দিয়া নহ’ব। ওপৰত উল্লেখ কৰা প্ৰশিক্ষণৰ শাখাত (Trade) অর্হতা থকা সাধারণ (General) মহিলা প্রার্থীয়ে নিম্নস্বাক্ষৰকাৰী কাৰ্যালয়ত নিৰ্ধাৰিত প্ৰ-পত্ৰৰ যোগে প্রশিক্ষণৰ নাম উল্লেখ কৰি অহা 31.08.2021 ইং তাৰিখৰ ভিতৰত আবেদন পত্র জমা দিব লাগিব।“
Official Advertisement